July 11, 2026 10:17 AM | PM Welcome

printer

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টফাৰ লাকছনৰ প্রধানমন্ত্রী মোদীক বিমান বন্দৰত আদৰণি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তিনিখন ৰাষ্ট্র ভ্রমণৰ তৃতীয় তথা অন্তিম পর্যায়ত দুদিনীয়া কাৰ্যসূচীৰে কালি নিউজিলেণ্ডৰ অকলেণ্ডত উপস্থিত হৈছে। ইয়াৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়ে অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়া ভ্রমণ কৰিছিল। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টফাৰ লাকছনে প্রধানমন্ত্রী মোদীক বিমান বন্দৰত আদৰণি জনায়। দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলে প্রধানমন্ত্রী শ্রী মোদীৰ আগমনত উল্লাখিত হয় আৰু তেওঁক আদৰণি জনায়।

প্রধানমন্ত্রী শ্রী মোদীয়ে নিউজিলেণ্ডত থকা ভাৰতীয় সম্প্রদায়ৰ লোকসকলে চহকী ভাৰতীয় সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে তেওঁৰ আগমনত ভাৰতীয় সম্প্রদায়ে পৰিৱেশন কৰা ভাৰতীয় সংস্কৃতিত মুগ্ধ হৈ কয়, যে তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে ভাৰতৰ চহকী ঐতিহ্য আৰু সভ্যতাক প্ৰতিফলিত কৰিছে।

প্রধানমন্ত্রী মোদীৰ দেশখনলৈ দুদিনীয়া ঐতিহাসিক ভ্রমণ উদযাপন কৰাৰ উদ্দেশ্যে নিউজিলেণ্ডৰ সুবিখ্যাত স্কাই টাৱাৰ ত্ৰিৰংগাৰ ৰঙেৰে সজাই তোলা হৈছে। উল্লেখযোগ্য যে, এয়া হৈছে বিগত দুকুৰি বছৰৰ ভিতৰত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্রমণ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰনধিৰ জয়ছোৱাৰে স্কাই টাৱাৰৰ বৰ্ণিল দৃশ্য শ্বেয়াৰ কৰি এয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ শক্তিশালী বন্ধুত্ব আৰু অংশীদাৰিত্বকে সূচাইছে বুলি ব্যাখ্যা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।