■ নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমণ মেগছেছে এৱাৰ্ড ফাউণ্ডেচনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ ন’বেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতেই ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতা ছাফিনা হুছেইনে ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী সংগঠন হিচাপে মেগছেছে বঁটা লাভ কৰাটো দেশৰ ছাত্ৰীৰ বাবে ঐতিহাসিক মুহূর্ত বুলি মত প্ৰকাশ কৰিছে। সংগঠনটোৱে পৰৱৰ্তী দশকটোত ১ কোটি শিক্ষাৰ্থীৰ কাষলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা বুলি উল্লেখ কৰি ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতাগৰাকীয়ে অসম, পশ্চিমবংগ আদি ৰাজ্যত প্ৰাথমিক শিক্ষা পৰ্যায়ত নামভর্তি সন্তোষজনক যদিও উচ্চ পৰ্যায়ত ড্র’পআউটৰ সংখ্যা যথেষ্ট বেছি বুলি আক্ষেপ প্রকাশ কৰে। উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰত চলিত বৰ্ষৰ ৰমণ মেগছেছে বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। এইবাৰ ইডুকেট গাৰ্লছৰ লগতে মালদ্বীপৰ পৰিৱেশ কৰ্মী ছাহিনা আলী আৰু ফিলিপাইনছৰ সমাজকৰ্মী ফ্লেভিয়ান’ এন্টনিঅ’ এল ভিলেনুয়েভালৈও ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে।
Assamese | September 1, 2025 11:34 AM | Aakashbani | Akashvani Guwahati
নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা