নামেৰী ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব। বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ২০২২-২৩ চনৰ ১৪ লাখ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৭ লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স্থিৰ কৰিছে। অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানখনত ৰাজ্যিক পক্ষী দেওহাঁহ, ধণেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয় বাঘ আদিৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দেখিবলৈ পোৱা যায় ৷
Assamese | December 29, 2024 12:23 PM | Nameri National Park
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নৱনিৰ্মিত ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলিৰ ব্যৱস্থা