January 11, 2025 7:24 PM

views 59

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। উদ্ভিদ আৰু বন্য প্রাণী সুৰক্ষাৰ বাবে এই অভয়াৰণ্যসমূহত যিকোনো ধৰণৰ সামুহিক কার্যকলাপ, ৫ জন বা ততোধিক লোকৰ উপস্থিতি আৰু মাছধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্...

December 29, 2024 12:23 PM

views 64

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নৱনিৰ্মিত ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলিৰ ব্যৱস্থা

নামেৰী ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ২০২২-২৩ চনৰ ১৪ লাখ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৭ লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স্থিৰ কৰিছে। অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত জৈৱ বৈ...

December 28, 2024 10:04 PM

views 45

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় স্থান দখল

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ২০২২-২৩ চনৰ ১৪ লাখ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৭ লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স্থিৰ কৰিছে। অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখন জৈৱ বৈচিত্ৰৰে ভৰপূৰ। ৰাজ্যিক পক্ষী দেওহাহ, ধণেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু ঢেকিয়াপতিয়া বাঘ, ইত্যাদি প্রাণীকুলৰ উপৰিও ৰাষ্ট্ৰীয়...