চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্রসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰিব।
Assamese | November 5, 2024 2:31 PM | Assam Festival | Chhath Puja | Festival
‘নহায়-খায়’ ৰীতিৰে চাৰিদিনীয়া ষট পূজা আৰম্ভ