September 25, 2025 10:31 PM

views 67

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত বিভিন্ন পূজা মণ্ডপত দেৱীৰ প্ৰতিমা স্থাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসমবাসীৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শোকত ম্রিয়মান হৈ পৰা ৰাজ্যবাসীৰ এইবাৰ যেন পূজাৰ পূৰ্বৰ উৎসাহ নাই। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস ...

June 23, 2025 3:32 PM

views 59

২২ জুনৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত

● বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা ৫দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। কালি প্রথম দিনটোতে তীব্ৰ গৰমকো নেওচি দেশী-বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জাৰ্মানীকে ধৰি ইউৰোপৰ কেইবাখনো দেশৰ পৰা বিদেশী ভক্ত অম্বুবাচী মহাযোগ উপলক্ষে আহি কামাখ্যা মন্দিৰত উপস্থিত হৈছেহি। বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানা বেশ-ভূষা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন য...

March 14, 2025 11:18 AM

views 60

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন

■ ৰাজ্যৰ প্ৰান্তে প্রান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ ...

March 13, 2025 11:20 AM

views 61

পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ প...

December 24, 2024 9:10 AM

views 60

ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ

বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্টী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীর্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গীৰ্জাসমূহ মুখৰ হৈ পৰিছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো বৰদিনৰ আনন্দ-উল্লাস বিৰাজ কৰিছে। এই উপলক্ষে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় পুৰণি গীর্জা ৰূপে পৰিচ...

November 5, 2024 2:31 PM

views 62

‘নহায়-খায়’ ৰীতিৰে চাৰিদিনীয়া ষট পূজা আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্রসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰিব।

October 2, 2024 9:40 AM

views 85

আজি মহালয়া

● আজি মহালয়া। আহিন মাহৰ অমাৱাস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়ৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। মহালয়া উপলক্ষে পাৰ্বন শ্রাদ্ধ কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পুৱতি নিশাৰে পৰা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়।

May 6, 2024 1:25 PM

views 88

১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ফাট বিহু উদযাপন

♦লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত অহা ১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মঞ্চ মুকলি, দুপৰীয়া টকা বিহু প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় দিনা পুৱা বিহু দলসমূহক আদৰণি, পূর্ণবয়ষ্ক হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অন্তিম দিনা দিনৰ এক বজাত বর্ণাঢ্য সংস্কৃতিক শোভাযাত্রা, মুকলি বিহু প্রতিযোগিতা, মুকলি সভা অনুষ্ঠিত হ'ব। শোভা...