কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। কৃষি বিভাগৰ বিষয়াসকলে এই জ্ঞান কেন্দ্ৰটোত কৃষকসকলৰ সৈতে মিলিত হৈ কৃষি সম্পকীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। কৃষকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা আহৰণত এই কেন্দ্ৰটো যথেষ্ট সহায়ক হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে অহা বছৰৰ পৰা চৰকাৰে ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰি ৰাজ্যখনত অগৰৰ খেতিত গুৰুত্ব আৰোপ কৰিব। বৰ্তমান সময়ত গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই খেতি কৰি থকা হৈছে যদিও ৰাজ্যখনত সকলো জিলা এই খেতিৰ বাবে উপযুক্ত বুলি তেওঁ মন্তব্য কৰে।
Assamese | September 8, 2026 7:50 PM | Pijush Hazarika
নলবাৰী জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন উদ্বোধন মন্ত্রী পীযুষ হাজৰিকাৰ