নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডে গোৱালপাৰাৰ দুশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত এটা অনুবীক্ষণ যন্ত্ৰ সংস্থাপন কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনৰ সৈতে হোৱা চুক্তি অনুসৰি প্রতিষ্ঠানটোৱে আজি অত্যাধুনিক যন্ত্ৰটো সংস্থাপন কৰে। গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু নৰ্থ ইষ্ট ট্রান্সমিচন কোম্পানী লিমিটেডৰ সহকাৰী প্ৰৱন্ধক জ্যোতিময় বৰ্মনৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ উপস্থিতিত যন্ত্ৰটোৰ সেৱা আৰু অস্ত্ৰোপচাৰ কক্ষটো উদ্বোধন কৰা হয়। আনহাতে, গোৱালপাৰা অসামৰিক চিকিৎসালয় চৌহদত নৱ নিৰ্মীত লেৱৰেটৰী গৃহটো জিলা আয়ুক্তগৰাকীয়ে উদ্বোধন কৰে।
Assamese | November 29, 2024 8:25 PM | Goalpara | Goalpara Medical
নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডৰ গোৱালপাৰাৰ ২০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত অনুবীক্ষণ যন্ত্ৰ সংস্থাপন