প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে।
সর্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি নমো ভাৰত ৰেপিড ৰেলৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা প্ৰয়াসসমূহৰ ওপৰত আলোকপাত কৰা হৈছে।
নমো ভাৰত হৈছে দেশৰ প্ৰথমখন আঞ্চলিক দ্রুত গতিৰ পৰিবহন ব্যৱস্থাৰ অন্তৰ্গত ৰে’ল। এই ৰে’লৰ ঘণ্টাত ১৮০ কিলোমিটাৰ বেগেৰে যাব পৰাকৈ সামর্থ্য আছে। এই ৰে’লখনে ৮২.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিড’ৰ অতিক্রম কৰে। ৩০,২৭৪ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প নিৰ্মাণ কৰা হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা কৰ্যক্ষম হৈ উঠা এই প্ৰকল্পৰ জৰিয়তে দিল্লীৰ পৰা মীৰাটলৈ পথচোৱা এঘণ্টাতকৈও কম সময়ত অতিক্ৰম কৰাটো সম্ভৱ হৈ উঠিছে।
তদুপৰি নমো ভাৰতৰ জৰিয়তে অতি কম দূৰত্বত তিনিটা মেট্র পথ, দুটা ৰে’ল ষ্টেচন আৰু চাৰিটা বৃহৎ বাছ আস্থানলৈ আহ-যাহৰ সূচলতা সম্ভৱ হৈ উঠিছে। প্ৰতিখন ৰে’লতে মহিলাৰ বাবে এটা বিশেষ দবা সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বিশেষ সুবিধা বিচৰা যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক আসন তথা নিজা অপেক্ষা স্থানসহ এটা বিশেষ দবাৰো ব্যৱস্থা কৰা হৈছে।
প্লেটফৰ্মসমূহত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্লেটফর্ম স্বক্ৰীণ দুৱাৰৰ ব্যৱস্থা কৰা হৈছে। ৰেপিড ৰে’ল পতাকা জোকাৰি মুকলি কৰা অনুষ্ঠানত ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দ্রুত গতিৰ নমো ভাৰত ৰে’লত আধুনিক সুবিধা সন্নিৱিষ্ট কৰা হৈছে। তেওঁ লগতে কয় যে নমো ভাৰত ৰে’লে নতুন ভাৰতৰ নতুন সংকল্প তথা নতুন যাত্রা প্রতিফলিত কৰিছে।