প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্রতিনিধিসকলক উন্নয়নমূলক আঁচনিৰ লাভ সমাজৰ শেষৰজন ব্যক্তিয়েও লাভ কৰাটো নিশ্চিত কৰাৰ লগতে সামাজিক সেৱা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল’বলৈ আহ্বান জনাইছে। নবছাৰিত আজি বিজেপিৰ নৱনির্মিত কার্যালয় উদ্বোধন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে আহ্বান জনায়।
প্রধানমন্ত্রী স্বনিধি আঁচনিৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি শ্রীমোদীয়ে কয় যে এই আঁচনিখনে ক্ষুদ্র ব্যৱসায় আৰু পদপথৰ ব্যৱসায়ীসকলৰ বাবে বহনক্ষম ঋণ আৰু অত্যাধুনিক ডিজিটেল অনাদায় সুবিধা সুলভ কৰি বিত্তীয় অন্তর্ভুক্তিৰ প্ৰসাৰত সহায় কৰিছে। জনস্বাস্থ্য আৰু অনাময়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আগমনৰ পূৰ্বে সর্বাত্মক চাফাই অভিযান চলোৱাৰ বাবে স্থানীয় প্রশাসন আৰু জনসাধাৰণক ভূয়সী প্রশংসা কৰে। তেওঁ লগতে নির্ধাৰিত স্বাস্থ্য সেৱা আৰু পৰিপুষ্টি বিষয়ক প্রয়াসৰ জৰিয়তে নৱছাৰিক পুষ্টিহীনতামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শ্রীমোদীয়ে জনকল্যাণৰ বাবে কৰা নিৰন্তৰ কামৰ বাবে দলীয় কর্মীসকলৰ শলাগ লয়। তেওঁ কয় যে দলৰ নতুন অত্যাধুনিক কার্যালয়টোৱে জনসাধাৰণৰ ওজৰ-আপত্তি নিষ্পত্তিৰ সক্রিয়া কেন্দ্ৰ হিচাপে কাম কৰা উচিত।