নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন

সমগ্র বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্রয়োজন পুৰাবৰ বাবে নিজকে ক্রমান্বয়ে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন কৰি তেওঁ কয় যে গোলকীয় উৎপাদন প্রত্যাহ্বানসমূহৰ মুখামুখি হবলৈ দেশ নিৰ্ভৰযোগ্য কেন্দ্র হিচাপে প্রস্তুত হৈছে। শ্রী মোদীয়ে কয়, যে এফালে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্রদায়ৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁ কয় যে প্রত্যাহ্বানপূর্ণ গোলকতীয় পৰিস্থিতিতো ভাবতে ৭ দশমিক ৮ শতাংশ বিকাশৰ হাৰেৰে আগবাঢ়িবলৈ সমর্থ হৈছে। শ্রী মোদীয়ে কয়, যে দেশৰ প্ৰতিজন নাগৰিকে এখন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ অৰ্ধ পৰিবাহী অৰ্থাৎ ছেমি কনডাক্টৰ পৰিস্থিতি তন্ত্র দ্রুত গতিত বৃদ্ধি পাইছে আৰু ইয়ে উদ্ভাবন, বিনিয়োগ আৰু বিকাশৰ সুযোগ সৃষ্টি কৰিব। প্রধানমন্ত্রীয়ে কয় যে ভাৰত অর্ধপৰিবাহী অভিযানৰ প্ৰথম পৰ্যায়ৰ ৮০০ কোটি ডলাৰৰ পৰা দ্বিতীয় পৰ্যায়ত ১৩ হাজাৰ ৫০০ কোটি ডলাৰলৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এতিয়ালৈকে ১২ টা ছীপ নির্মাণ প্রকল্পত অনুমোদন জনোৱা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই সংখ্যা বৃদ্ধি পাব। ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে নতুন দিল্লীত অলপতে অনুষ্ঠিত হোৱা ব্রিকচ শীর্ষ সম্মিলনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে সফলতাৰে এই শীর্ষ সন্মিলন অনুষ্ঠিত কৰাৰ লগতে প্ৰতিখন সদস্যৰাষ্ট্ৰৰ সহমতত নতুন দিল্লী ঘোষণা পত্র গ্রহণ কৰে। শ্রীমোদীয়ে ইয়াক ভাৰতৰ ওপৰত বিশ্বৰ বিশ্বাসৰ গুৰুত্বপূৰ্ণ প্রমাণ বুলি উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতৰ বিষয়ে গবেষণা কৰা যুৱ প্ৰতিভাসমূহ আগবাঢ়ি আহিব লাগে। তেওঁ লগতে কয় যে বিদেশত গৱেষণাৰত যুৱক যুৱতীসকলেও দেশৰ উন্নত প্ৰযুক্তিৰ বিকাশৰ সৈতে জড়িত হ’ব লাগে। তেওঁ  উদ্যোগপতিসকলক দেশৰ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰখনত নেতৃত্ব দিবলৈ আহ্বান জনায়। এই কথাই উদ্যোগৰ বিকাশ সাধন কৰাৰ লগতে যুব প্রজন্মকো শক্তিশালী কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে।

এই সন্মিলনত কেন্দ্রীয় ইলেক্‌ট্রনিক্‌ছ আৰু তথ্য প্ৰযুক্তিৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয়, যে ভাৰতে বিগত কেইবা দশক ধৰি অৰ্থ পৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰি আহিছিল যদিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এয়া সম্ভব হ’ল। তেওঁ কয়, যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ত ছেমিকনৰ জৰিয়তে উদ্যোগ নিৰ্মাণ কৰা হ’ব আৰু ই ছটা মুখ্য স্তম্ভত আলোকপাত কৰিব। এই পৰ্যায়ত অর্ধ পৰিবাহীৰ আৰ্হি যন্ত্র তথা সামগ্রী, ছিলিকন আদিকে ধৰি গৱেষণা আৰু উন্নয়ন কোষো থাকিব। তেওঁ লগতে কয়, যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে চৰকাৰে কমেও ২০০ ষ্টার্টআপ আৰু কম্পেনিক সহায় কৰাৰ লক্ষ্য গ্রহণ কৰিছে। ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি ৰাজ্য মন্ত্রী জিতিন প্রাসাদ, সচিব এছ কৃষ্ণণৰ লগতে বহু জ্যেষ্ঠ বিষয়া আৰু প্রতিনিধি এই অনুষ্ঠানত উপস্থিত আছিল।

এই তিনিদিনীয়া সম্মিলন আৰু প্রদর্শনীৰ মূল বিষয়বস্তু হৈছে- ছিলিকনৰ পৰা প্ৰণালীলৈ: অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্রদর্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬০০৩কৈ অধিক প্রদর্শনকাৰী, ৩০০৩কৈ অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু ৪০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছে। প্রদর্শনীখনত ছখন দেশ, ১২ খন ৰাজ্য আৰু স্টার্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ আছে। এই সম্মিলন তথা প্রদর্শনীত ছেমি কণ্ডাক্টৰ নিৰ্মাণ আৰু প্রযুক্তিকে ধৰি ছেমি কণ্ডাক্টৰ আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ড সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হৈছে। এই সম্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্রযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমি কণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তোলাৰ আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।