September 17, 2026 7:31 PM

views 12

নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন

সমগ্র বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্রয়োজন পুৰাবৰ বাবে নিজকে ক্রমান্বয়ে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন কৰি তেওঁ কয় যে গোলকীয় উৎপাদন প্রত্যাহ্বানসমূহৰ মুখামুখি হবলৈ দেশ নিৰ্ভৰযোগ্য কেন্দ্র হিচাপে প্রস্তুত হৈছে। শ্রী মোদীয়ে কয়, যে এফালে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্রদায়ৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁ কয় যে প্রত্যাহ্বানপূর্ণ ...