November 12, 2026 12:08 PM | President award

printer

নতুন দিল্লীত ২০২৫-২৬ বৰ্ষৰ স্বচ্ছ সর্বেক্ষণ বঁটা প্ৰদান, পৰিচ্ছন্ন মহানগৰ হিচাপে গুৱাহাটীৰ বঁটা লাভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কালি নতুন দিল্লীত ২০২৫-২৬ বৰ্ষৰ স্বচ্ছ সর্বেক্ষণ বঁটা প্ৰদান কৰে। এই বঁটাসমূহে নগৰ অঞ্চলৰ স্বচ্ছ ভাৰত অভিযানত দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক স্বীকৃতি দিয়ে। অসমৰ গুৱাহাটী মহানগৰীয়ে পৰিচ্ছন্ন মহানগৰ হিচাপে এই বঁটা লাভ কৰিছে। নতুন দিল্লীত কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্রকাশ ফুকনে এই বঁটা গ্ৰহণ কৰে। বঁটা গ্ৰহণ কৰি গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই সাফল্যৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী দৃষ্টিভংগী আৰু নগৰীয়া স্বচ্ছতা তথা নাগৰিক আন্তঃগাঁথনিৰ দিশত আগবঢ়োৱা নিৰন্তৰ প্ৰেৰণা আৰু নিৰ্দেশনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সাফল্যৰ সৈতে জড়িত সকলো পক্ষক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে কয় যে এই স্বীকৃতি কেৱল এটা বঁটা নহয়, বৰং গুৱাহাটীক অধিক স্বচ্ছ, সেউজ আৰু সুন্দৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ দিশত একপ্ৰকাৰৰ নতুন দায়িত্ব। এই সাফল্যই এখন পৰিষ্কাৰ, স্বাস্থ্যকৰ আৰু বহনক্ষম গুৱাহাটী গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত অংশ লৈ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্রকাশ ফুকনে কয় যে মহানগৰীখন ২৪ ঘণ্টাই পৰিচ্ছন্ন কৰি ৰখাৰ বাবে জনসাধাৰণৰ সহযোগত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে কয়, যে কেৱল এটা প্ৰতিষ্ঠানৰ প্ৰচেষ্টাৰে পৰিচ্ছন্নতাৰ লক্ষ্যত কেতিয়াও উপনীত হ’ব পৰা নাযায়। প্ৰতিজন নাগৰিক, প্ৰতিখন গাঁও, প্ৰতিটো সমুদায় আৰু প্ৰতিখন চহৰৰ অংশগ্রহণ অতি প্রয়োজনীয় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। মানুহৰ দৈনন্দিন ঘৰুৱা কামৰ সৈতেও পৰিচ্ছন্নতাৰ ওতপ্রোত সম্পর্ক আছে বুলি তেওঁ কয়। পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশত আগবাঢ়ি থকা চহৰসমূহে যদি আন চহৰসমূহক পৰিচ্ছন্নতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে তেন্তে সেই সহায় সঁচাকৈয়ে অর্থপূর্ণ হ’ব বুলিও তেওঁ কয়। তেওঁ লগতে কয়, যে বিগত দশকত স্বচ্ছতা অভিযানে সমগ্র দেশতে জনসচেতনতা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু সুস্থ প্রতিযোগিতাৰ বাবে শক্তিশালী ভেঁটি স্থাপন কৰিছে।