যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। প্রখ্যাত ঔদ্যোগিক সংস্থা বিশেষকৈ ASSOCHAM, FICCI, CAIT আৰু CII আদিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। উদ্যোগিক অংশীদাৰিত্ব আৰু ঔদ্যোগিক সংস্থা, কৰ্প’ৰেট গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ সংস্থাসমূহক মাই ভাৰত পৰিৱেশ তন্ত্ৰৰ সৈতে চিনাকি কৰাই দিয়াই এই সমাৰোহৰ মূল উদ্দেশ্য।এই সমাৰোহৰ জৰিয়তে যুৱ প্ৰজন্মৰ উন্নয়ন আৰু ঔদ্যোগিক পদক্ষেপসমূহত দেশৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা প্রতিফলিত কৰিব বিচৰা হৈছে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া বিভাগৰ মন্ত্রী ড° মনসুখ মন্দাভিয়াই কয়, যে দেশৰ যুৱ প্ৰজন্ম হৈছে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰধান চাবিকাঠী। তেওঁ কয়, যে উদ্যোগ আৰু মাই ভাৰতৰ সমন্বিত প্রচেষ্টাই দেশৰ যুব শক্তিক ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্য প্রাপ্তিত সহায় কৰিব।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছেই কয়, যে মন্ত্র্যালয়ে উদ্যোগ আৰু ঔদ্যোগিক সংস্থাসমূহে যুৱ প্ৰজন্মক সাঙুৰি পৃথকে পৃথকে কৰি থকা কামসমূহ লক্ষ্য কৰিব।