ভাৰতীয় জনতা পাৰ্টীৰ নতুন দিল্লীত থকা দলীয় মুখ্য কাৰ্যালয়ত অব্যাহত থকা দলটোৰ সাংগঠনিক নির্বাচনৰ পর্যালোচনা বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি বিয়লি ভাষণ দিয়ে। সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সচিবসকল, ৰাজ্যিক সভাপতিসকল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক তথা সাংগঠনিক নির্বাচন তত্বাৱধায়ক তথা সহ তত্বাৱধায়কসকল বৈঠকত উপস্থিত থাকে। দলীয় সূত্রই প্ৰকাশ কৰা অনুসৰি মণ্ডল, জিলা আৰু ৰাজ্যিক কমিটিৰ সদস্য নির্বাচন সন্দৰ্ভত বৈঠকত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে, দলটোৱে অহা ১৫ জানুৱাৰীৰ পূৰ্বে মণ্ডল, জিলা আৰু ৰাজ্যিক পদসমূহৰ বাবে দেশৰ ৫০ শতাংশ ৰাজ্যত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে।
Assamese | December 29, 2024 8:22 PM | BJP meeting
নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দলটোৰ সাংগঠনিক নির্বাচনৰ পর্যালোচনা