নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস ২০২৬ উদযাপন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রী জয়ন্ত চৌধুৰীয়ে কয় যে, দেশক আন্তর্জাতিক দক্ষতা কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ ভাৰতে বিশ্বাস, সমতা আৰু যুগমীয়া শিক্ষাৰ ওপৰত ভিত্তি কৰি দক্ষতা কেন্দ্ৰীক পৰিবেশতন্ত্র সৃষ্টি কৰা উচিত। নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস ২০২৬ তথা স্কিল ইন্ডিয়া অভিযানৰ একাদশ বার্ষিকী উদযাপন ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ বিষয়বস্তু উমৈহতীয়া ভৱিষ্যতৰ বাবে দক্ষতাৰ জৰিয়তে দেশৰ কৰ্মশক্তিক ঘৰুৱা সুবিধাৰ উপৰি গোলকীয় শ্রম বজাৰৰ বাবেও প্রস্তুত কৰি তুলিবলৈ চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতা প্রতিফলিত হৈছে। দক্ষতাৰ জৰিয়তে নিয়োগৰ সুবিধা সুনিশ্চিত কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি দক্ষতা হৈছে যুগমীয়া শিক্ষাৰ অবিচ্ছেদ্য অংগ। শ্রীচৌধুৰীয়ে কয় যে গোলকীয় মূল্য শৃংখলত দেশ উল্লেখযোগ্য স্থানত উপনীত হৈছে। প্রশিক্ষণপ্রাপ্ত বিদ্যুতিক সা-সৰঞ্জামৰ মেৰামতি বা যন্ত্রপাতিৰ কাম-কাজৰ দৰে অপৰম্পৰাগত কামসমূহত মহিলাৰ অংশগ্ৰহণৰ হাৰ কম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উদ্বিগ্নতা প্রকাশ কৰে। তেও কয় যে মন্ত্রালয়ৰ পৃষ্ঠপোষকতাত নবগঠিত বিশেষ সমিতিয়ে দক্ষতা বিকাশ আৰু শৈলী প্ৰস্তুত কৰাৰ দৰে কাম-কাজত মহিলাৰ বৰ্ধিত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্রয়াস চলাব।