পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ে ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কর্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তী ৰাজ দপ্তৰৰ ৰাজ্য মন্ত্ৰী প্ৰফেছাৰ এছ পি সিং বাঘেলেও কৰ্মশালাত ভাগ ল’ব ।
কর্মশালাত ষোড়শ বিত্ত আয়োগৰ গ্ৰাম্য স্থানীয় নিকায় অনুদানৰৰ সফল ৰূপায়ণৰ বাবে বিত্ত মন্ত্ৰ্যালয়ৰ ব্যয় বিভাগে আগবঢ়োৱা নীতি নির্দেশনা সম্পর্কে আলোচনা কৰা হ’ব। কৰ্মশালাত নিজস্ব উৎসৰ জৰিয়তে সংগৃহীত ৰাজহ বৃদ্ধি কৰি পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় বহনক্ষমতা সদৃঢ় কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। কৰ্মশালাখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শ্ৰেষ্ঠ পদ্ধতি ভগাই লোৱাৰ, ৰূপায়ণৰ প্ৰত্যাহ্বানক লৈ আলোচনা কৰাৰ আৰু বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ব্যৱহাৰিক ৰণনীতি বিনিময় কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা সুদৃঢ় কৰা তথা ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অনুযায়ী পঞ্চায়তসমূহক উন্নত শাসন, আন্তঃগাঁথনি, ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক গ্ৰাম্য উন্নয়নৰ সৱল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে শক্তশালী পৰিকাঠামো বিকশায় তোলাত কর্মশালাখনে সহায় কৰিব বুলি আশা কৰা হৈছে।