July 20, 2026 8:03 PM | Bhupendra jadav

printer

নতুন দিল্লীত আজি ভূৱেন্দ্ৰৰ যাদৱৰ সৈতে ছাইমন ষ্টীলৰ বৈঠক

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূৱেন্দ্ৰৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টীলৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীযাদৱে কয় যে এই বৈঠকত অভিযোজন, প্রযুক্তি হস্তান্তৰ, জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে বিত্ত সংগ্ৰহকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত লক্ষ্যত সময়তকৈ আগতেই উপনীত হৈছে। শ্ৰীযাদৱে কয় যে ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰচেষ্টাৰ অন্যান্য ক্ষেত্রসমূহতো সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।