নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব। বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া বৈঠকত দলৰ সদস্যভর্তি অভিযান আৰু সাংগঠনিক নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ উপৰিও দলৰ ৰাজ্যিক সভাপতি, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আৰু অন্যান্য নেতাসকল উপস্থিত থাকিব। লোকসভা নিৰ্বাচনৰ পিছত এইখন হ’ব বিজেপিৰ বিষয়ববীয়াসকলৰ প্ৰথমখন বৃহৎ বৈঠক।
Assamese | August 17, 2024 10:54 AM | BJP meeting
নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ বৈঠক