January 18, 2026 12:32 PM | PM Vishwakarma HAAT 2026

printer

নতুন দিল্লীত আজিৰে পৰা প্ৰধানমন্ত্রী বিশ্বকৰ্মা হাট ২০২৬

নতুন দিল্লীৰ দিল্লী হাটত প্ৰধানমন্ত্রী বিশ্বকৰ্মা আঁচনিৰ অধীনত কাৰুশিল্পী আৰু কাৰিকৰসকলৰ বাবে আয়োজন কৰা সুকীয়া প্ৰদৰ্শনী প্ৰধানমন্ত্রী বিশ্বকৰ্মা হাট ২০২৬ আজিৰে পৰা অনুষ্ঠিত হ’ব। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতেন্দ্র মাঝিয়ে কাৰুশিল্পীসকলৰ উদ্দেশ্যে আয়োজন কৰা এই বিশেষ প্রদর্শনী উদ্বোধন কৰিব। দেশৰ কাৰুশিল্পীসকলৰ চহকী ঐতিহ্যৰ উদযাপন কল্পে আয়োজন কৰা এই প্ৰদৰ্শনীয়ে তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রেতা, অংশীদাৰসকল তথা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনাইছে যে দেশৰ বিভিন্ন প্ৰান্তৰ ১১৭ গৰাকী কাৰুশিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰদৰ্শনীয়ে ভাৰতৰ বিচিত্র শিল্প সংস্কৃতিক উজলাই তুলিব। এই মেলাই প্রধানমন্ত্রী বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰীসকলক উচিত বজাৰ মূল্য প্ৰদান কৰাৰ উপৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ বিশ্বকৰ্মা হাট ২০২৬লৈ বিদেশৰ প্ৰতিনিধিসকলকো আমন্ত্রণ জনোৱা হৈছে। উল্লেখযোগ্য যে, জনসাধাৰণৰ বাবে পুৱা চাৰে ১০ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিবলগীয়া এই প্রদর্শনীত ৩১ জানুৱাৰীত সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।