সংঘর্ষ সমাপ্ত কৰাৰ একমাত্র পথ হিচাপে আলোচনা আৰু কূটনীতিৰ আশ্রয় লোৱাৰ পোষকতা কৰাৰ লগে লগে দেশে সমগ্র বিশ্বৰ মনোভাৱ প্ৰতিফলিত কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে মত প্রকাশ কৰিছে। তেওঁ কয় যে এই দিশত দেশে নিজৰ প্ৰয়াস অব্যাহত ৰখাৰ লগতে উমৈহতীয়া লক্ষ্যৰ আন দেশসমূহৰ সৈতেও সমন্বয়েৰে আগবাঢ়িবলৈ আগ্রহী।
নতুন দিল্লীত অনুষ্ঠিত চিন্ময় অমৃত মহোৎসব গোলকীয় সন্মিলনত ভাষণ দি আজি তেওঁ কয় যে সম্প্রতি বিশ্বত ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষ অব্যাহত আছে। তদুপৰি তেওঁ কয় যে এই সংঘৰ্ষত কোনো হাত নথকা দূৰণিৰ সমাজ অর্থনীতি তথা জনসাধাৰণে দুর্ভোগ ভূগিবলগীয়া হৈছে।
ড০ জয়শংকৰে সন্ত্রাসবাদক শান্তিৰ অন্যতম প্রত্যাহ্বান বুলিও মত প্রকাশ কৰে। সকলো দেশে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি আঁকোৱালি লোৱা নাই বাবে বিশ্বৰ বিভিন্ন প্রান্তত সন্ত্রাসবাদী কার্যকলাপ অব্যাহত আছে বুলি তেওঁ কয়। ইতিহাসে সন্ত্রাসবাদ বিৰোধী বহুশিক্ষা দি থৈ গৈছে যদিও কিছুমান দেশে এতিয়াও সন্ত্রাসবাদৰ ভিত্তিত ৰাজনৈতিক সমীকৰণত ব্যস্ত বুলিও তেওঁ উল্লেখ কৰে।
সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বত অধিক সজাগতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয় যে সকলো প্ৰকাৰৰ সন্ত্রাসবাদ প্রতিহত কৰিবলৈ বিশ্ব আগবাঢ়ি অহা উচিত। সংঘর্ষ আৰু হিংসাই প্রগতি তথা সমৃদ্ধিৰ পথ অৱৰোধ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে উমৈহতীয়া সম্পদ, গোলকীয় বজাৰ তথা যোগান শৃংখলৰ প্রতিযোগিতামূলক পৰিবেশত বিশ্বত কোনো শক্তিয়ে বাধা দি ৰখা উচিত নহয়।
বিশ্বৰ দুৰ্বল অর্থনীতিসমূহে বিত্ত, ইন্ধন, খাদ্য আৰু সাৰৰ অভাৱত ভূগিছে। গ্লোবেল নৰ্থৰ দেশসমূহেও এই সমস্যাসমূহ সমাধান কৰাৰ অর্থে উদ্বিগ্ন হোৱা উচিত বুলি তেওঁ মত প্রকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় অর্থনীতিত সম্প্রতি আহি পৰা আশংকাসমূহ দূৰ হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰসমূহৰ বাবে বহু বিকল্পৰ সুবিধা থকা উচিত। এই উদ্দেশ্যে সৌহার্দ্যপূর্ণ আলোচনা হোৱা উচিত বুলি তেওঁ উল্লেখ কৰে।