July 23, 2026 7:38 PM | ranoj on school

printer

নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে ৩০গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিয়াৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে ৩০গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দশম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্ৰকাশ কৰে। 

চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে শাসক-বিৰোধী পক্ষ উভয়ে একেলগে কাম কৰা উচিত।

চৰকাৰৰ বিদ্যালয় যুক্তিসংগতকৰণ নীতিৰ সপক্ষে মত প্রকাশ কৰি ডাঃ পেগুৱে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা বিধেয়কৰ ভিত্তিতে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে একাংশ বিধায়কৰ অনুৰোধ মৰ্মে নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে এবছৰ সময় দিবলৈ শিক্ষা বিভাগে সিদ্ধান্ত লৈছে। 

অৱশ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এবছৰৰ ভিতৰত নামভৰ্তিৰ সংখ্যাক বৃদ্ধি কৰিবলৈ ব্যৰ্থ হ’লে বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাহিৰে অন্য বিকল্প নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।