July 23, 2026 7:38 PM
2
নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে ৩০গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিয়াৰ সিদ্ধান্ত
ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে ৩০গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দশম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে শাসক-বিৰোধী পক্ষ উভয়ে...