ৰাজ্যৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম নটসূৰ্য ফণী শৰ্মাৰ আজি ৫৬ সংখ্যক মৃত্যু বার্ষিকী। ১৯৭০ চনত আজিৰ দিনটোত দেহাৱসান ঘটা নটসূৰ্য ফণী শৰ্মা আছিল ৰাজ্যৰ নাট্য জগতৰ এটা উজ্জ্বল নক্ষত্ৰ। তেওঁ নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু সাংস্কৃতিক সংগঠক হিচাপে খ্যাত আছিল। ফণী শৰ্মাৰ নাট্যানুৰাগ, শিল্প প্ৰতিভা আৰু সমাজ সেৱাই অসমীয়া নাট্য সংস্কৃতিৰ নতুন যুগৰ সূচনা কৰিছিল। নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ নটসূৰ্য উপাধি প্ৰদান কৰা হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত শর্মাই স্মৃতি দিৱস উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অসমীয়া সংস্কৃতি, নাট্য আৰু চলচ্চিত্ৰ জগতলৈ শিল্পীগৰাকীয়ে আগবঢ়োৱা অনন্য অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টিশীল কৰ্ম আৰু আদৰ্শই ভৱিষ্যৎ প্ৰজন্মক সদায় অনুপ্রাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে।
Assamese | July 31, 2026 12:47 PM | Phani Sarma
নটসূৰ্য ফণী শৰ্মাৰ আজি ৫৬ সংখ্যক মৃত্যু বার্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি নিবেদন