September 11, 2026 7:39 PM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশিস শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনায়।

উল্লেখযোগ্য নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্র দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব। নগাঁও সমষ্টিৰ লগতে দেশৰ পাঁচটা বিধানসভা সমষ্টিতো নির্বাচন অনুষ্ঠিত হ’ব। এই সমষ্টিকেইটা হ’ল তামিলনাডুৰ মাদুৰন্তকম আৰু ধাৰাপুৰম, পশ্চিম বংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থাট্টানচাৱড়ি।