কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে ধ্রুপদী অসমীয়া ভাষাৰ উৎকর্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে।
অসমীয়া ভাষাৰ নিৰ্ধাৰিত কেন্দ্ৰটো তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা হ’ব। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথি-পত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব।
মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়, যে অসমীয়া ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ কেন্দ্ৰ এটা স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিল।
এই কেন্দ্ৰটো স্থাপনৰ ফলত অসমীয়া ভাষাক লৈ বিস্তৃত গৱেষণাৰ নতুন সুযোগ সৃষ্টি হ’ব আৰু পাণ্ডুলিপি তথা অন্যান্য সাহিত্যিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ কাম সহজ হ’ব। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে।