October 4, 2026 11:49 AM

views 6

ধ্রুপদী অসমীয়া ভাষাৰ উৎকর্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ সিদ্ধান্তক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে ধ্রুপদী অসমীয়া ভাষাৰ উৎকর্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। অসমীয়া ভাষাৰ নিৰ্ধাৰিত কেন্দ্ৰটো তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা হ'ব। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথি-পত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়, যে অসমীয়া ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ...