ধেমাজি জিলাৰ চিলাপথাৰৰ চিমেন চাপৰিত আজি ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্রশাসনিক ভৱন, মূল পথৰ লগতে পানী যোগান ব্যৱস্থাৰ শুভ উদ্বোধন কৰা হয়। ২০২৩ বৰ্ষত ১৪০ বিঘা ভূমিত আৰম্ভ হোৱা ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰতো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচায্যৰ লগতে কেইবাজনো লোক উপস্থিত থাকে।
Assamese | January 19, 2025 7:18 PM | Dhemaji
ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্রশাসনিক ভৱন, পানী যোগান ব্যৱস্থাৰ শুভ উদ্বোধন