ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত বন অধিকাৰ আইনৰ অধীনত জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মিংমাং গাঁও পঞ্চায়তৰ কৃষ্টি ভৱনত জিলা প্ৰশাসনে আয়োজন কৰা প্ৰধানমন্ত্ৰী ধৰতী আবা জন অংশীদাৰী অভিযানৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ডাঃ পেগুৱে ভূমি পট্টা বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ আইনৰ অধীনত প্ৰায় ৮ হাজাৰ আবেদনৰ প্ৰক্ৰিয়া চলি আছে বুলি জানিবলৈ দি চৰকাৰে সোনকালেই সকলোকে ভূমি পট্টা প্ৰদান কৰিব বুলি আশ্বাস দিয়ে।
Assamese | July 15, 2025 8:58 PM | Dr. Ranoj Pegu
ধেমাজিত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ