শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত আজি ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ প্ৰাক্তন খেলুৱৈ, প্ৰশিক্ষক তথা ক্ৰীড়া অনুৰাগীসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ খেলুৱৈসকলৰ প্রতিভা বিকাশৰ লগতে শক্তিশালী ক্রীড়া আন্তঃগাথনি গঢ়ি তোলা আৰু নিয়মিতভাৱে ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয়।
Assamese | April 22, 2025 9:00 PM | Dr. Ranoj Pegu
ধেমাজিত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত ৰাজহুৱা সভা