July 19, 2026 7:50 PM | Flood Sivasagar

printer

ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীর্ণ অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে

কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীর্ণ অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে।

চহৰখনৰ ১৪টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবু পট্টি, বার্ডি ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসু সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্রিম বানৰ সৃষ্টি হৈছে।

নুমলীগড়ৰ পাৰ্বতীপুৰ গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত বৰষুণৰ পানী সুমুৱাৰ লগতে পার্বতীপুৰ-বিষ্ণুপুৰ আদর্শ গাঁও, নেপালি খুঁটি, ৰজাবাৰী আদি অঞ্চল জলমগ্ন হৈছে।

মন্ত্রী পীযুষ হাজৰিকা আৰু বিধায়ক মৃণাল শইকীয়াই আজি নুমলীগড়ৰ বিভিন্ন বানপীড়িত অঞ্চল নাৱেৰে পৰিদৰ্শন কৰে আৰু বানগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়।