July 19, 2026 7:50 PM

views 27

ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীর্ণ অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে

কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীর্ণ অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে। চহৰখনৰ ১৪টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবু পট্টি, বার্ডি ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসু সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্রিম বানৰ সৃষ্টি হৈছে। নুমলীগড়ৰ...

June 24, 2025 12:32 PM

views 79

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, পৌৰসভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে নগৰখনত পানী নিষ্কাষণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নলা-নর্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবে সৃষ্টি হোৱা এই কৃত্রিম বান নোহোৱা কৰিবলৈ জিলা প্ৰশাস...