September 18, 2026 12:46 PM | dhola sadiya bridge

printer

ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতুই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিছে

ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূর্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্রতীক্ষিত ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতু মুকলিৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে।

এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্রত লক্ষণীয় পৰিৱৰ্তন দেখা হৈছে। ২০১৭ চনৰ মেত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল।

৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন উদ্বোধন কৰাৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যাত্ৰাৰ সময় ৬ ঘণ্টাৰ পৰা এঘণ্টালৈ হ্রাস পাইছে। ৬০ টন ওজনৰ সামৰিক টেংক পৰিবহন কৰিব পৰা চীন সীমান্তৰ সমীপৰ এই দলংখন প্ৰতিৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ।