September 18, 2026 12:46 PM

views 4

ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতুই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিছে

ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূর্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্রতীক্ষিত ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতু মুকলিৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্রত লক্ষণীয় পৰিৱৰ্তন দেখা হৈছে। ২০১৭ চনৰ মেত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিক...

November 17, 2025 6:08 PM

views 70

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।