খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ প্ৰতিনিধিসকলক স্বচ্ছ আৰু নিকাভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থাটো আগবঢ়াই নিবলৈ আহ্বান জনাইছে। দৰং জিলাৰ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে বিভাগটোৰ অভিলাসী আচনি সম্পৰ্কত মঙলদৈৰ জিলা পুথিভড়ালত আজি এখন সজাগতা সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। শ্ৰীৰায়ে অহা অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে সুলভ মূল্যত লাভ কৰিবলগীয়া মচুৰ ডাইল, চেনী আৰু নিমখ বিতৰণ সন্দৰ্ভতো আলোচনা কৰে। তেওঁ লগতে এই ক্ষেত্ৰত যাতে কোনো অনিয়ম নহয় তাৰ বাবে সতৰ্ক হ’বলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, চিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, অসম ৰাজ্যিক মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।
Assamese | August 22, 2025 8:02 PM | Koushik Rai Meeting
দৰঙৰ সুলভ মূল্যৰ দোকানী, সমবায় সমিতিৰ প্ৰতিনিধিৰে বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ বৈঠক