June 11, 2026 1:00 PM | Darrang evection

printer

দৰং জিলাৰ বেছিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে অভিযানকালত দীর্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে গঢ়ি তোলা দোকান-পোহাৰ উচ্ছেদ কৰে। পথৰ কাষৰ ভূমিত এনেদৰে দোকান-পোহাৰ গঢ়ি উঠাত অঞ্চলটোত দীর্ঘদিনে দৈনিক তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজ আৰু পথাচাৰীয়ে সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্রশাসনে এই উচ্ছেদ অভিযানত কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈয়ে শান্তিপূর্ণভাৱে উচ্ছেদ কার্যসূচী সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে ।

ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিয়ে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই চাৰি শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ ৭ মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত

বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে ৩০ দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টনপত্র বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ’ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ ৭ মাৰ্চত ১৫ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে।