June 11, 2026 1:00 PM

views 22

দৰং জিলাৰ বেছিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে অভিযানকালত দীর্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে গঢ়ি তোলা দোকান-পোহাৰ উচ্ছেদ কৰে। পথৰ কাষৰ ভূমিত এনেদৰে দোকান-পোহাৰ গঢ়ি উঠাত অঞ্চলটোত দীর্ঘদিনে দৈনিক তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজ আৰু পথাচাৰীয়ে সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্রশাসনে এই উচ্ছেদ অভিযানত কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈয়ে শান্তিপূর্ণভাৱে উচ্ছেদ...