ভাৰতে কালি ক্রাইষ্টচাৰ্ছৰ হেগলে অ’ভেলত অনুষ্ঠিত দ্বিতীয়খন টি-২০ খেলত ঘৰুৱা দল নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ ফলাফলেৰে অগ্রগতি লাভ কৰে। ভাৰতে ১৮১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এটা বল বাকী থকা অৱস্থাত ৬টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
খেলখনত ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই সংকটত পৰিছিল যদিও তিলক বার্মা, নমন ধীৰ আৰু নীতিশ কুমাৰ ৰেষ্ট্ৰীৰ দর্শনীয় বেটিঙৰ সহায়েৰে বিজয় অর্জন কৰে। নমন ধীৰ ৩১ ৰান কৰি আউট হ’লেও তিলক বার্মাই ৫১ আৰু নীতিশ কুমাৰ ৰেষ্ট্ৰীয়ে ২৬ ৰান কৰি অপৰাজিত হৈ ৰয়।
অভিষেক শৰ্মাই ২৭ ৰানৰ বৰঙনি আগবঢ়ায়। আঘাতপ্রাপ্ত ঈশান কিষাণৰ পৰিৱৰ্তে বৈভৱ সূর্যবংশীয়ে মূল একাদশত স্থান পালেও ৪ ৰান কৰিবলৈহে সমর্থ হয়।
বলিঙত নিউজিলেণ্ডৰ মিচেল চেণ্টনাৰে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৮০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ গ্লেন ফিলিপ্তে ৭০ আৰু বেভন জেকবচে ৫৮ ৰানৰ বৰঙনি আগবঢ়ায়। বলিঙত অৰ্শদ্বিপ সিঙে ২টা উইকেট দখল কৰে। শৃংখলাৰ তৃতীয়খন খেল অহা মঙলবাৰে বেলিংটনত অনুষ্ঠিত হ’ব।