June 19, 2026 10:31 PM | Assam Yoga Day

printer

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অহা ২১ জুনত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলা ভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত কৰে। 

বৰপেটা জিলাতো অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আজি বৰপেটা জিলা ভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত হয়। বৰপেটা ডি আৰ ডি এৰ সভাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন বয়সৰ ২ শতাধিক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ৰ হৈ যোগাচাৰ্য্য ৰুবুল মিশ্ৰই প্ৰতিযোগিতা পৰিচালনা কৰে। বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ সুবিধা লাভ কৰিব বুলি যোগাচাৰ্য্য শ্রী মিশ্ৰই আশা প্ৰকাশ কৰে।

চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে চিৰাং জিলা স্বাস্থ্য সেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত হয়। জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্রাউণ্ডত অহা ২১ জুনত হ’বলগীয়া দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন চিৰাঙৰ অতিৰিক্ত জিলা আয়ুক্ত সংগীতা সৰকাৰে উদ্বোধন কৰে। মুঠ চাৰিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৭৫গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা ২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত বঁটাপ্ৰাপক প্রতিযোগীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।

দৰং জিলা প্ৰশাসনে আয়ুষ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা স্বাস্থ্য সমাজ দৰঙৰ সহযোগত ২১ জুনত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই উপলক্ষে মঙলদৈৰ সৈনিক ভৱনত ২১ জুনৰ পুৱা ৬ বজাৰ পৰা বিশেষ যোগাভ্যাসৰ লগতে আন কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে।

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰ্যায়ৰ এখন যোগাসন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।