June 19, 2026 10:31 PM

views 17

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অহা ২১ জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলা ভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত কৰে।  বৰপেটা জিলাতো অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আজি বৰপেটা জিলা ভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত হয়। বৰপেটা ডি আৰ ডি এৰ সভাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন বয়স...

June 19, 2025 6:50 PM

views 50

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। দিৱসৰ প্ৰস্তুতিৰ বুজ লৈ যোগৰ অনুশীলনে বিশ্বত শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে মন্তব্য কৰে।

June 21, 2024 7:36 PM

views 47

ৰাজ্যত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া, মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশ গ্ৰহণ কৰে ৷ তেজপুৰৰ চাৰ্চ ফিল্ডত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অশোক সিংহাল, কেশৱ মহন্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিন্ধু আদিয়ে অংশ গ্ৰহণ কৰে। অনুষ...