● কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই কাটাৰৰ দোহাত আজিৰে পৰা পৰহিলৈকে হ’বলগীয়া সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ছোৱাত শ্ৰীমন্দাভিয়াই সামাজিক ন্যায়ৰ ক্ষেত্ৰত গোলকীয়া সহযোগিতাৰ বাবে সামগ্ৰিক আৰু সমবিকাশ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। তেওঁ সামাজিক উন্নয়নৰ তিনিটা মূল স্তম্ভ শক্তিশালী কৰাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাষণ দিব। মন্ত্ৰীগৰাকীয়ে কাটাৰ, ৰোমানীয়া, মৰিচাছ আৰু ইউৰোপীয় সংঘৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ ল’ব। পৰৱৰ্তী সময়ত মন্ত্ৰী শ্ৰীমন্দাভিয়াই শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় তথা আই বি পি চিয়ে যুটীয়াভাৱে আয়োজন কৰা এন চি এছৰ অনুষ্ঠানত উপস্থিত থাকিব।
Assamese | November 4, 2025 3:14 PM | Akashvani News | Dr. Mansukh Mandaviya
দোহাত সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ