June 11, 2026 12:21 PM | PM nda meeting

printer

দেশৰ ১৪০ কোটি নাগৰিকৰ আশা-আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দেশৰ ১৪০ কোটি নাগৰিকৰ আশা-আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ’ব। তেওঁ কয়, যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, এন ডি এই সদায়েই ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এন ডি এৰ এখন বৈঠকত ভাষণ দি তেওঁ কয়, যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে এন ডি এ চৰকাৰক নিজৰ আস্থা অর্পণ কৰিছে। তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে যে যেতিয়া এখন চৰকাৰ সঠিক উদ্দেশ্যৰে পৰিচালিত হয়, তেতিয়া উন্নয়নো দ্রুতগতিত হয়। এন ডি এ চৰকাৰে এই ১২ বছৰত ২৫  কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত কৰাটোৱেই এই চৰকাৰৰ নীতিসমূহ শুদ্ধ আৰু ইয়াৰ দিশ সঠিক বুলি প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে।

প্রধানমন্ত্রীয়ে লগতে কয়, যে দেশৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক স্থিতিশীলতাৰ গুৰুত্ব বুজি পাইছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ আগত দশকবোৰত দেখা দিয়া অস্থিৰতাই দেশখন যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল, কিন্তু জনসাধাৰণ এতিয়া এখন সুস্থিৰ চৰকাৰৰ কাম-কাজৰ সাক্ষী হৈ ইয়াৰ নিৰ্ণায়ক সামৰ্থৰ শলাগ লৈছে।

শ্রীমোদীয়ে কয়, যে আজি দেশৰ প্ৰতিগৰাকী নাগৰিক বিকশিত ভাৰতৰ সপোনেৰে ভৰি আছে আৰু এই সপোন কোনো এজন ব্যক্তি, চৰকাৰ বাবে ৰাজনৈতিক দলতেই সীমাবদ্ধ হৈ থকা নাই। ই দেশৰ প্ৰতিজন ব্যক্তিৰ সপোন আৰু সংকল্পত পৰিণত হৈছে আৰু এই সপোন পূৰণৰ বাবে সকলোৱে প্ৰতিটো মুহূর্ত উৎসৰ্গা কৰিব লাগিব বুলিও তেওঁ কয়।

যিসময়ত বিশ্বৰ প্ৰধান দেশসমূহৰ অৰ্থনীতিয়ে সংগ্ৰাম কৰি আছে, সেই সময়ত ভাৰতে ২০২৫-২৬ বর্ষত ৭ দশমিক ৭ শতাংশ বৃদ্ধিৰ হাৰ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে যোৱা ত্রৈমাসিকত ভাৰতৰ বৃদ্ধি ৭ দশমিক ৮ শতাংশ।

প্রধানমন্ত্রীয়ে আলোকপাত কৰে যে এন ডি এ চৰকাৰে মহিলা সংৰক্ষণ, তিনি তালাকৰ বিৰুদ্ধে আইন, কা আইন, ভাৰতীয় ন্যায় সংহিতা আৰু সৈনিকৰ বাবে ৰেংক ৱান পেন্সনকে ধৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ যিকোনো সিদ্ধান্ত ল’বলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাই। ৰাষ্ট্ৰীয় স্বাৰ্থত সাহসী সিদ্ধান্ত গ্ৰহণৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু অধিক দ্রুতগতিত আগবাঢ়ি যাব বুলি তেওঁ আশ্বাস দিয়ে। শ্রীমোদীয়ে কয়, যে আজিৰ আকাংক্ষিত ভাৰত কাইলৈৰ উন্নত ভাৰতৰ নিশ্চয়তা। তেওঁ কয়, যে দেশৰ ডাঙৰ আকাংক্ষা আৰু সপোন আছে আৰু সেয়েহে ইয়াৰ সংকল্প আৰু লক্ষ্যও সমানেই বৃহৎ। মধ্যবিত্ত শ্রেণী এই আকাংক্ষাৰ চালিকা শক্তি বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে চৰকাৰে জীৱন যাপনৰ সুচলতা, মান সম্পন্ন জীৱন যাপন আৰু নতুন নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকৰ আশা পূৰণত মনোনিবেশ কৰিছে।

শক্তি খণ্ডৰ সন্দৰ্ভত শ্রীমোদীয়ে অতি সোনকালেই ৫০০ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে সৌৰশক্তি দ্রুতগতিত আগবাঢ়িছে যদিও পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব। তেওঁ লগতে কয়, যে ভাৰতে সেউজ হাইড্ৰ’জেন আৰু সেউজ এম’নিয়াৰ দিশত যথেষ্ট অগ্রগতি লাভ কৰিছে।

ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ভাৰতৰ একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অর্জন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে দি অহা গুৰুত্বৰ বিষয়ে আলোকপাত কৰি দুখীয়া জনসাধাৰণক প্ৰশাসনৰ কেন্দ্ৰত ৰখা হৈছে বুল প্ৰস্তাৱটোত উল্লেখ কৰা হয়। প্ৰস্তাৱটোত লগতে জনসাধাৰণৰ সৱলীকৰণৰ সবিশেষ বিৱৰণো অন্তৰ্ভুক্ত কৰা হৈছে।

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা উপলক্ষে এই বৈঠক অনুষ্ঠিত হয়।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৱে এই প্ৰস্তাৱ আগবঢ়াই কয়, যে ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী মোদীলৈ এয়া এক ঐতিহাসিক সন্মান।

সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ মুখ্যমন্ত্ৰী আৰু নেতাসকলক তেওঁলোকৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয়, যে ৰাষ্ট্রীয় স্বাৰ্থ আৰু আঞ্চলিক আকাংক্ষাক আগুৱাই নিয়াৰ বাবে এন ডি এৰ যাত্ৰাক পাৰস্পৰিক বিনিময়ৰ সংকল্পৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে। এন ডি এই ৰাষ্ট্ৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সেৱাত নতুন শক্তিৰে কাম কৰি যাব বুলি তেওঁ কয়।

এই বৈঠকত বিজেপিৰ সভাপতি নীতিন নবীন, টিডিপিৰ মুৰববী চন্দ্ৰবাবু নাইডু, জে ডি ইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্দে, এল জে পিৰ নেতা ছিৰাগ পাছৱানকে ধৰি আন আন মন্ত্ৰী আৰু নেতাসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।