দেশৰ যুৱ প্ৰজন্মই বিজ্ঞান প্ৰযুক্তিৰ পৰা নিৰ্মাণ, মহাকাশ, ছেমি কণ্ডাক্টৰ আৰু ড্ৰোণলৈকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত সম্প্ৰতি বিশ্বৰ আগশাৰীৰ ষ্টার্টআপ কেন্দ্ৰসমূহত অন্যতমৰূপে পৰিগণিত হৈছে আৰু সৰু চহৰ তথা গাঁৱৰ যুৱক-যুৱতীসকলে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে যুৱক-যুৱতীসকলক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ মৰ্যাদা বৃদ্ধি কৰিছে। তেওঁ কয়, যে ষ্টার্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কীল ইণ্ডিয়া আৰু অটল ইন’ভেচনৰ দৰে উদ্যমসমূহে উদ্যমশীলতা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় কৰিছে। শ্রী মোদীয়ে কয়, যে বিগত ১২ বছৰত এন ডি এ চৰকাৰে যুৱ প্ৰজন্মৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি উদগনি যোগাই আহিছে আৰু ইয়াৰ ফলত দেশৰ যুৱক-যুৱতীসকলৰ আত্ম-বিশ্বাস বৃদ্ধি পাইছে আৰু নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে।
Assamese | June 13, 2026 5:41 PM | PM Modi
দেশৰ যুৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ