দেশৰ বিভিন্ন প্রান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন কৰা হয়। ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশ লৈ কয়, যে হস্ততাঁত খণ্ডই কেৱল জীৱন নিৰ্বাহৰ উৎস হিচাপেই নহয়, বৰঞ্চ সর্বাংগীন বিকাশৰ শক্তিশালী খণ্ড হিচাপে সেৱা আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি হস্ততাঁত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাগত যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে এই খণ্ডই ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সৱলীকৰৰণ, কলা-সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভাল পোৱাৰ প্ৰসাৰ কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে দেশৰ শিপিনি আৰু কাৰিকৰসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু সমর্পণক অভিবাদন জনাইছে। তেওঁ কয়, যে এই দিনটোতে দেশে ইয়াৰ বৰ্ণাঢ্য আৰু চহকী হস্ততাঁত ঐতিহ্যক পালন কৰে।
অসমতো আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্রকল্পত আজি বিটিচিৰ হস্ততাঁত আৰু বজ্র শিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্রীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। বিভাগটোৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই কাৰ্যসূচীত বি টি চিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিপিনীৰ লগতে ২৫ টা শিপিনী গোটক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।