দেশৰ পাইকাৰী মূল্য সূচাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯ দশমিক ৭-৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯ দশমিক ৯-২ শতাংশ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূত সামগ্রী, ৰাসায়নিক আৰু ৰাসায়নিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই বাৰ্ষিক মুদ্রাস্ফীতি বৃদ্ধি পাইছে। একেৰাহে চতুৰ্থ মাহৰ বাবে পাইকাৰী মূল্যৰ মুদ্রাস্ফীতি ৯ শতাংশৰ ওপৰত আছে।
পাইকাৰী মূল্য সূচাংকৰ প্ৰধান শ্ৰেণীসমূহৰ ভিতৰত ইন্ধন আৰু শক্তি গোটত বার্ষিক ভিত্তিত হোৱা মুদ্রাস্ফীতি জুলাইৰ ২০ শতাংশৰ পৰা বৃদ্ধি পাই যোৱা মাহত ২২ দশমিক ৯ শতাংশ হৈছেগৈ। নির্মাণ সামগ্ৰীৰ মুদ্রাস্ফীতি ৮ দশমিক ৩ শতাংশৰ পৰা সামান্য বাঢ়ি প্রায় ৮ দশমিক ৪ শতাংশ হৈছে। আনহাতে, প্রাথমিক সামগ্ৰীৰ মুদ্রাস্ফীতি জুলাইৰ ৮ দশমিক ৫ শতাংশৰ পৰা হ্ৰাস পাই আগষ্টত প্রায় ৭ দশমিক ৮ শতাংশ হৈছে। খাদ্য সামগ্ৰী আৰু খাদ্যজাত বস্তুৰে গঠিত পাইকাৰী মূল্য খাদ্য সূচকাংক পূৰ্বৰ মাহৰ ৬ দশমিক ৬-৫ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৭ দশমিক ০-৫ শতাংশ হৈছে। আনহাতে, আগষ্টত বার্ষিক ভিত্তিত উৎপাদক মূল্য সূচাংক ৯ দশমিক ৮-১ শতাংশলৈ বৃদ্ধি পাইছে।