September 14, 2026 9:26 PM | WPI

printer

দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি

দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯.৭৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯.৯২ শতাংশ হৈছেগৈ।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূত সামগ্ৰী, ৰাসায়নিক আৰু ৰাসায়নিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই বাৰ্ষিক মুদ্রাস্ফীতি বৃদ্ধি পাইছে। একেৰাহে চতুৰ্থ মাহৰ বাবে পাইকাৰী মূল্যৰ মুদ্রাস্ফীতি ৯ শতাংশৰ ওপৰত আছে।

পাইকাৰী মূল্য সূচকাংকৰ প্ৰধান শ্ৰেণীসমূহৰ ভিতৰত ইন্ধন আৰু শক্তি গোটত বার্ষিক ভিত্তিত হোৱা মুদ্রাস্ফীতি জুলাইৰ ২০ শতাংশৰ পৰা বৃদ্ধি পাই যোৱা মাহত ২২.৯ শতাংশ হৈছেগৈ। নিৰ্মাণ সামগ্ৰীৰ মুদ্রাস্ফীতি ৮.৩ শতাংশৰ পৰা সামান্য বাঢ়ি প্রায় ৮.৪ শতাংশ হৈছে। আনহাতে প্রাথমিক সামগ্ৰীৰ মুদ্রাস্ফীতি জুলাইৰ ৮.৫ শতাংশৰ পৰা হ্ৰাস পাই আগষ্টত প্রায় ৭.৮ শতাংশ হৈছে।

খাদ্য সামগ্ৰী আৰু খাদ্যজাত বস্তুৰে গঠিত পাইকাৰী মূল্য খাদ্য সূচকাংক পূৰ্বৰ মাহৰ ৬.৬৫ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৭.০৫ শতাংশ হৈছে। আনহাতে, আগষ্টত বার্ষিক ভিত্তিত উৎপাদক মূল্য সূচকাংক ৯.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।