July 21, 2026 8:07 PM | gigabiyte

printer

দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা ২৮৮ গিগাৱাটলৈ বৃদ্ধি

দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা ২৮৮ গিগাৱাটলৈ বৃদ্ধি পাইছে। নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ যশো নায়কে ৰাজ্যসভাত আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে নবীকৰণযোগ্য শক্তি ক্ষমতা ২০১৪ বৰ্ষৰ ৭৬ গিগাৱাটতকৈ চলিত বছৰৰ ৩০ জুনলৈকে ২৮৮ গিগাৱাটলৈ বৃদ্ধি পায়। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কয় যে সৌৰ শক্তিৰ স্থাপিত ক্ষমতা ১৬২ গিগাৱাটতকৈ অধিক, বায়ু শক্তি প্রায় ৫৮ গিগাৱাট, জলবিদ্যুৎ শক্তি ৫৭ গিগাৱাট আৰু জৈৱশক্তি ১১ গিগাৱাটতকৈ অধিক হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ দেশৰ নবীকৰণযোগ্য শক্তি খণ্ডত ৪ হাজাৰ ৬০০ কোটি ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে বুলিও তেওঁ কয়। ইপিনে সেই সময়ছোৱাতে ১২টা ৰাজহুৱা খণ্ডৰ বেংক, শক্তি বিত্ত নিগম লিমিটেড, আৰ ই চি, ভাৰতীয় নবীকৰণযোগ্য শক্তি বিকাশ সংস্থা লিমিটেডকে ধৰি ভালেমান ঘৰুৱা বিত্তীয় প্রতিষ্ঠানে ১২ লাখ কোটিতকৈও অধিক টকা নবীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।