July 21, 2026 8:07 PM

views 4

দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা ২৮৮ গিগাৱাটলৈ বৃদ্ধি

দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা ২৮৮ গিগাৱাটলৈ বৃদ্ধি পাইছে। নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ যশো নায়কে ৰাজ্যসভাত আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে নবীকৰণযোগ্য শক্তি ক্ষমতা ২০১৪ বৰ্ষৰ ৭৬ গিগাৱাটতকৈ চলিত বছৰৰ ৩০ জুনলৈকে ২৮৮ গিগাৱাটলৈ বৃদ্ধি পায়। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কয় যে সৌৰ শক্তিৰ স্থাপিত ক্ষমতা ১৬২ গিগাৱাটতকৈ অধিক, বায়ু শক্তি প্রায় ৫৮ গিগাৱাট, জলবিদ্যুৎ শক্তি ৫৭ গিগাৱাট আৰু জৈৱশক্তি ১১ গিগাৱাটতকৈ অধিক হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ দেশৰ ন...