দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন

ৰাজ্যজুৰি আজি পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰা হৈছে। পূজাৰ সামগ্ৰী আৰু মৃৎ শিল্পীসকলে প্রস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দীপাবলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেবী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্রদূষণবিহীন দীপাবলী উদযাপন কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে।

 ইপিনে গুৱাহাটী পৌৰ নিগমে দীপাৱলীৰ পাছত চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বিশেষ ব্যৱস্থা লৈছে। দীপাৱলীত পথৰ কাষত চাকি জ্বলোৱা কলগছসমূহ আঁতৰাই নিয়াৰ লগতে অন্যান্য আৱৰ্জনাসমূহো আঁতৰাই নি মহানগৰীখন পৰিষ্কাৰ কৰা হ’ব বুলি পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্রকাশ কৰে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দীপাবলী উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি দীপাৱলীত সোণাপুৰৰ চৰকাৰী বৃদ্ধাবাসলৈ গৈ আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে পোহৰৰ উৎসৱৰ আনন্দ বিনিময় কৰে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মহামায়া নগৰত কালী পূজা আৰু দীপাৱলীৰ বাবে প্রয়োজনী সামগ্রী ক্রয় কৰিবলৈ অসম আৰু মেঘালয়ৰ বহু লোকৰ সমাগম হৈছে। কোকৰাঝাৰ জিলাতো কালী পূজা আৰু দীপাৱলীৰ বাবে জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে।

দৰং জিলাৰ মঙলদৈৰ এক নম্বৰ বাৰ্ডৰ শান্তিপাৰাৰ সাৰ্বজনীন কালী মন্দিৰত ৬৩ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি যথাবিহিত ৰীতি নীতিৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পৰিৱেশ নিকাকৰণ, পানী তোলাৰ পৰ্বৰ পাছত সন্ধিয়া বন্তি প্রজ্বলন, দেবী প্রতিমা স্থাপন, বিহিত পূজা আৰু সমূহীয়া পুষ্পাঞ্জলি প্রদান কৰা হ’ব।

ধুবুৰী জিলাৰ বহলপুৰ তৎপাৰা কালী মন্দিৰত আজিৰে পৰা চাৰিদিনিয়াকৈ কালী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ টেৰাকোটা গাঁও হিচাপে পৰিচিত আছাৰীকান্দিৰ মৃৎ শিল্পীসকলে এক কোটিৰো অধিক মাটিৰ চাকি প্ৰস্তুত কৰি বিক্ৰীৰ লক্ষ্য হৈছে। গাঁওখনৰ ১৩৪ টা পৰিয়ালৰ ৬০০ ৰো অধিক মৃৎ শিল্পীয়ে এই চাকিসমূহ প্রস্তুত কৰিছে।

যোৰহাট জিলাত দীপাৱলীৰ প্ৰাকক্ষণত তিতাবৰ ৰাজহ চক্ৰ বিষয়াই অঞ্চলটোৰ আতচবাজী দোকানসমূহ পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই দোকানসমূহত অনুজ্ঞাপত্ৰ আৰু প্ৰয়োজনীয় নথি-পত্র অবিহনে আতচবাজী বিক্রী কৰা হৈছে বুলি এই বিষয়ে বুজ লয়। জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এনেধৰণৰ অভিযান চলোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।