দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। ১৭ আগষ্টত এই অভিযানৰ সামৰণি পৰিব।
২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্রতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে।
এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামুহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্রাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতম সমবেত কণ্ঠত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্ততো এই অভিযান ৰূপায়ণ কৰা হৈছে।
চিৰাং জিলা প্রশাসনে আজি পুৱা সদৰ কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰংগা যাত্রা উলিয়ায়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰী উপস্থিত থাকে।
শ্রীভূমি জিলাত স্বাধীনতা দিৱস সৈতে সংগতি ৰাখি এই অভিযান ৰূপায়ণ কৰা হৈছে। কাইলৈ শ্রীভূমি চহৰত দিনৰ ১০ বজাত ত্ৰিৰংগ পতাকা সমদল উলিওৱা হ’ব। জিলা আযুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ’বলগীয়া এই সমদল আৱৰ্তভবন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব।
ইপিনে, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ১৪ আগষ্ট পর্যন্ত জিলাখনৰ চৰকাৰীকাৰ্যালয় আৰু বজাৰ এলেকাৰ ৩৫ টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে।
আজিৰে পৰা ১৫ আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আল্পনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
১২ আগষ্টৰ বিয়লি চাইকেল সমদল, ১৩ আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু ১৪ আগষ্টত বিভাজন আৰু বিভিষীকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে মাইগ’ভ প’র্টেলত অনলাইন কুইজ প্রতিযোগিতাও অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ শিলচৰত আজি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদলৰ আয়োজন কৰা হয়।
এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিদ কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়া-কর্মী উপস্থিত থাকে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১৭ আগষ্টলৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰে’লৱে ইয়াৰ অধীনৰ সমগ্র এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বাদ্য যন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাবধাৰা শক্তিশালী কৰাৰ বাবে ত্ৰিৰংগ পতাকাৰ সৈতে ছেলফি আপল’ড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে।